চিত্ৰকলা একাডেমী
Chitrakala Academy
(Fine Arts & Craft Training Centre)
Run by -B I Global Technology Institute
নিবেদন,
ইয়াৰ দ্বাৰা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ছাত্ৰ সুৰক্ষা ইউনিয়ন উদ্যোগত আৰু ভাৰত চৰকাৰৰ Ministry Of Corporate Affairs) ৰ অধীনত থকা পঞ্জীয়নভুক্ত সংস্থা BI Global Technology Institute (NSDC Skill India) আৰু অন্যতম স্বেচ্ছাসেৱী সংস্থা ANF Foundation আৰু NE Global Art Academy ৰ সহযোগত কলা আৰু সাংস্কৃতিক দিশত অসমৰ শিশু ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে চৰকাৰী বেচৰকাৰী বিদ্যালয় সমূহৰ সহযোগত চিত্ৰকলাৰ প্ৰশিক্ষণ কেন্দ্ৰ চিত্ৰকলা একাডেমী মুকলি কৰি ছাত্ৰ -ছাত্ৰী সকলৰ মাজত বিনামূলীয়াকৈ চিত্ৰকলাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লোৱা হৈছে । অভিজ্ঞপ্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা চিত্ৰকলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি, চিত্ৰকলাৰ দিশত প্ৰতিভা বিকাশ কৰাৰ লগতে এই ক্ষেত্ৰখনৰ জৰিয়তে নিজৰ উজ্জ্বল ভৱিষ্যৎ গঢ়িতোলাৰ দিশত বিশেষ উপকৃত হ'ব পাৰিব।
* প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰশিক্ষণ ৰ বাবে পঞ্জীয়ন কৰিব পাৰিব
* প্ৰশিক্ষণ কেন্দ্ৰ সমূহত ছাত্ৰ ছাত্ৰী ৰ মাহেলী মাছুল সম্পূৰ্ণ বিনামূলীয়া হ'ব
* ছাত্ৰ ছাত্ৰী সকলে কেৱল মাত্ৰ পঞ্জীয়নৰ বাবে ৩১০ টকা জমা দিব লাগিব (কেৱল মাত্ৰ বছৰত এবাৰহে থাকিব
* কেন্দ্ৰ সমূহত নাম ভৰ্তি কৰা সকলো ছাত্ৰ ছাত্ৰী ক (ID Card) কাৰ্যালয় ফালৰ পৰা প্ৰদান কৰা হ'ব আৰু Id Card ৰ জড়িয়তে বিভিন্ন ৰাজ্যিক , জিলা,আঞ্চলিক ভিত্তিত হোৱা বিভিন্ন কৰ্মশালা সমূহ ত অংশগ্ৰহণ সুবিধা লাভ কৰিব পাৰিব।
* কেন্দ্ৰ সমূহত ছাত্ৰ ছাত্ৰী সকলৰ বাৰ্ষিক সাধাৰণ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। আৰু বিশেষ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ ছাত্ৰী ক Scholarship ৫০০০ ৰ পৰা ১০,০০০ টকালৈ প্ৰদান কৰা হ'ব।
* কেন্দ্ৰ সমূহত বিশেষ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠান সমূহ ত অংশগ্ৰহণ বাবে কেন্দ্ৰ ৰ ফালৰপৰা সুবিধা লাভ কৰিব
* চৰকাৰী বেচৰকাৰী বিদ্যালয় সমূহত কেন্দ্ৰ পৰিচালনা কৰাত বিশেষ বাবে সহযোগীতা কৰা শিক্ষক সকলক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হ'ব ।